ভয়ংকৰ আত্মঘাতী আক্ৰমণ; ৫ চীনা অভিযন্তাসহ ৬ জনৰ মৃত্যু

পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ শ্বাংলা অঞ্চলৰ বেছাম চহৰত মঙলবাৰে এক বৃহৎ আত্মঘাতী আক্ৰমণত পাঁচজন চীনা নাগৰিককে ধৰি কমেও ৬জন লোক নিহত হয়। এই কথা নিশ্চিত কৰিছে মালকান্দৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে।

উপ-মহাপৰিদৰ্শকগৰাকীয়ে কয় যে এজন আত্মঘাতী বোমাৰুৱে বিস্ফোৰক ভৰ্তি এখন বাহনেৰে চীনৰ নাগৰিক কঢ়িয়াই অনা এখন গাড়ীত খুন্দা মাৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পাকিস্তানী গাড়ী চালকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

তেওঁ কয় যে বিস্ফোৰণত মৃত্যু হোৱা চীনৰ নাগৰিকসকল পেছাত আছিল অভিযন্তা। এই লোকসকলে এখন বাহনেৰে ইছলামবাগৰ পৰা কোহিস্তানৰ দাছু কেম্পলৈ গৈ আছিল।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে আক্ৰমণৰ পিছত নিৰাপত্তাৰক্ষীৰ এক বৃহৎ দলে সেই স্থানত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে।

এই আত্মঘাতী বিস্ফোৰণৰ পিছতে পাকিস্তানৰ মন্ত্ৰী মহছিন নাকভীয়ে ঘটনাক নিন্দনীয় আখ্যা দি কয় যে পাকিস্তান-চীনৰ ভাতৃত্ববোধৰ সম্পৰ্কত আক্ৰমণ গ্ৰহণযোগ্য নহয়। আমি দ্বিপাক্ষিক সম্পৰ্ক প্ৰভাৱিত হ’বলৈ নিদিওঁ।

ইফালে ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি মৃত্যুক লৈ শোক প্ৰকাশ কৰে। পাকিস্তান বিৰোধী বাহিনীয়ে পাকিস্তান-চীনৰ বন্ধুত্বৰ ক্ষতি কৰাত কেতিয়াও সফল নহ’ব বুলি পাকিস্তান ৰাষ্ট্ৰপতিৰ অফিচিয়েল এক্স একাউণ্টে প্ৰকাশ কৰা এক বিবৃতিত জাৰ্দাৰীৰ উদ্ধৃতিৰে প্ৰকাশ পাইছে।

উল্লেখ্য যে, এই আত্মঘাতী আক্ৰমণ কোন উগ্ৰপন্থী সংগঠনে সংঘটিত কৰিছে সেই কথা এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

Comments (0)
Add Comment