ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসুস্থ 

ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। এক বিশেষ সূত্ৰই এই দাবী কৰিছে। খবৰ অনুসৰি, তেওঁৰ ছুগাৰ লেভেল ক্ৰমাগতভাৱে বৃদ্ধি আৰু হ্ৰাস পাই আছে।

৪৬ লৈ হ্ৰাস পাইছে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ছুগাৰ লেভেল। ছুগাৰ লেভেল ইমান তললৈ হ্ৰাস পোৱাটো বিপদজনক বুলি উল্লেখ কৰিছে চিকিৎসকে।

এই খবৰৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে মঙলবাৰে সন্ধিয়া জেলত স্বামীক সাক্ষাত কৰিবলৈ যোৱা বুলি এক ভিডিঅ’ প্ৰকাশ কৰে।

ভিডিঅ’টোত কয় যে তেওঁৰ ডায়েবেটিছ আছে, ছুগাৰ লেভেল বৃদ্ধি আৰু হ্ৰাস পাই আছে, কিন্তু তেওঁৰ দৃঢ়তা শক্তিশালী। তেওঁ এজন অতি প্ৰকৃত দেশপ্ৰেমিক, নিৰ্ভীক আৰু সাহসী ব্যক্তি। তেওঁৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সফলতা কামনা কৰিব।

সাক্ষাতৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ শৰীৰ জেইলত আছে কিন্তু আত্মা দিল্লীৰ জনসাধাৰণৰ মাজত আছে বুলি কয়।

ইয়াৰ উপৰি সুনীতা কেজৰিৱালে কয় যে ইডিয়ে চলোৱা অভিযানত এটকাও উদ্ধাৰ হোৱা নাই আৰু ২৮ মাৰ্চত আদালতত তেওঁ এই কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ কৰিব।

আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আদালতে তেওঁক ২৮ মাৰ্চলৈকে সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

Comments (0)
Add Comment