তিনিখন ৰাজ্যৰ ষ্টাৰ প্ৰচাৰকৰ তালিকা প্ৰকাশ বিজেপিৰ; তালিকাত হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দলসমূহে সভা-সমিতি আয়োজন কৰাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল কৰিবলৈ উঠি পৰি লগা বিজেপিয়ে ইতিমধ্যেই তিনিখনকৈ ৰাজ্যৰ প্ৰচাৰ অভিযানৰ বাবে ষ্টাৰ প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। এই তিনিখন ৰাজ্য হৈছে বিহাৰ, মধ্যপ্ৰদেশ আৰু পশ্চিম বংগ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, স্মৃতি ইৰাণী, জ্যোতিৰাদিত্য সিন্ধিয়া, ভজনলাল শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, বিষ্ণু দেৱ সাইকে ধৰি বহু লোকক বিজেপিয়ে মধ্যপ্ৰদেশৰ বাবে প্ৰকাশ কৰা ষ্টাৰ প্ৰচাৰকৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা সুৰেশ পাচৌৰীকো বিজেপিয়ে ষ্টাৰ প্ৰচাৰকৰ দায়িত্ব দিছে।

বিহাৰৰ বাবে প্ৰচাৰ চলাবলগীয়া ষ্টাৰ প্ৰচাৰকসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, যোগী আদিত্যনাথ, বিনোদ তাওড়ে, সম্ৰাট চৌধুৰী, গিৰিৰাজ সিং, নিত্যানন্দ ৰায়কে ধৰি বহুকেইজন শীৰ্ষ নেতা।

আনহাতে পশ্চিম বংগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, সুনীল বংছাল, দিলীপ ঘোষকে ধৰি বহু কেইগৰাকী ৰাষ্ট্ৰীয় তথা স্থানীয় শীৰ্ষ নেতাক ষ্টাৰ প্ৰচাৰক হিচাপে তালিকাত অন্তৰ্ভুক্ত কৰিছে।

Comments (0)
Add Comment