আগন্তুক কিছু দিনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই বৰ্তমানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি উত্তৰ-পূব ভাৰতত বতৰৰ আগজনীৰ ওপৰত ভিত্তি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।


নিৰ্দেশনা অনুসৰি আগন্তুক সময়ত অসমকে ধৰি উত্তৰ-পূবত ধুমুহা, শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।


আনহাতে, বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত।


সেয়ে গুৱাহাটীৰ লগতে উক্ত অঞ্চলসমূহত বসবাস কৰা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই আহ্বান জনাইছে।


উল্লেখ্য যে গুৱাহাটী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বজ্ৰপাত অহাৰো পূৰ্ণ সম্ভাৱনা আছে। গুৱাহাটী আৰু আশে পাশে থকা অঞ্চলসমূহত সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেণ্টিগ্ৰেড হ’ব বুলি অনুমান কৰা হৈছে।


আনহাতে নিম্নতম তাপমাত্ৰা প্ৰায় ১৮ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে।

Comments (0)
Add Comment