জিমত গৈ ঘণ্টাৰ ঘণ্টাৰ পাছত ৱৰ্কআউট কৰে নেকি আপুনি? শৰীৰটো সুস্থ সৱল কৰি ৰাখিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত কেৱল শাৰীৰিকভাৱে সুস্থ থকাই নহয়, মানসিকভাৱেও সুস্থ অনুভৱ কৰিব পাৰি। পিছে একাংশ লোকে সময়ৰ অভাৱতেই হওঁক বা অন্য কাৰণতেই হওঁক জিমলৈ যাব নোৱাৰে। ব্যায়াম নকৰাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীনো হব লাগে। জিমলৈ গৈ ৱৰ্ক আউট নকৰা বা শাৰীৰিক কছৰত্ নকৰা লোকসকললৈ আহিছে ভাল খবৰ। জিমত নোযোৱাকৈ বা ব্যায়াম নকৰাকৈ এটা টেবলেটৰ জৰিয়তে আপুনি শৰীৰটো সুস্থ ৰাখিব পাৰিব। এটা টেবলেটেই আপোনাক দিব জিমত গৈ ৱৰ্ক আউট কৰাৰ দৰে সুফল।
আমেৰিকাৰ এটা বিজ্ঞানীৰ দলে এটা বিশেষ টেবলেট প্ৰস্তুত কৰিছে যিটো খোৱাৰ পিছত ব্যায়াম কৰাৰ প্ৰয়োজন নাই। এই টেবলেট খোৱাৰ পিছত শৰীৰত একেই পৰিৱৰ্তন দেখা গৈছে, যিটো ব্যায়ামৰ পিছত দেখা যায়।
SLU-PP-332 নামৰ এই টেবলেটটোৱে মেদবহুলতা, হৃদযন্ত্ৰৰ বিফলতা আৰু বৃক্কৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ব্যায়াম কৰাৰ দৰে সুফল দিব পাৰে বুলি বিজ্ঞানীসকলে দাবী কৰিছে। ৱাশ্বিংটন ইউনিভাৰ্চিটি স্কুল অফ মেডিচিনৰ বিজ্ঞানীসকলৰ মতে, এই টেবলেটে শৰীৰৰ পেশীবোৰ মজবুত কৰাৰ লগতে কোষ বিকাশ কৰাত সহায় কৰে। দুৰ্বল পেশী, হৃদৰোগ বা মগজু সম্পৰ্কীয় ৰোগ থকা লোকসকলৰ বাবেও এই ঔষধ কাৰ্যকৰী হ’ব পাৰে। এই ঔষধৰ এটা বিশেষত্ব হ’ল ই কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াও হ্ৰাস কৰে।
বৰ্তমান নিগনিৰ ওপৰত এই টেবলেটৰ পৰীক্ষা কৰা হৈছে। এই ঔষধ গ্ৰহণ কৰাৰ পিছত নিগনিৰ শাৰীৰিক ক্ষমতা ৭০ শতাংশ বৃদ্ধি হৈছিল।
অৱশ্যে, বিজ্ঞানীসকলৰ মতে, ব্যায়ামৰ কোনো বিকল্প নাই, কিয়নো ব্যায়াম সকলোধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু যিসকলে কোনো কাৰণত ব্যায়াম নকৰে, তেওঁলোকৰ বাবে এই ঔষধ সহায়ক হ’ব পাৰে।