হোলী বিশেষ ট্ৰেইনত কালি নিশা প্ৰায় ১ বজাত সংঘটিত হয় ভয়ংকৰ ঘটনা। হঠাৎ ট্ৰেইনৰ দবাত জুই লগাত চলন্ত ট্ৰেইনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে বহু লোকে।
ট্ৰেইনখনে এটা ষ্টেচন পাৰ হোৱাৰ পিছত ভালদৰে গতিবেগ লোৱাই নাছিল। তেনে সময়তে এটা দবা জুইৰ শিখাই আগুৰি ধৰে। সৌভাগ্যক্ৰমে সেই দবাটোত কোনো যাত্ৰী নাছিল। লগে লগে কাষৰ দবাৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। বহু যাত্ৰীয়ে ট্ৰেইনখন চলি থাকোতেই প্ৰাণ ৰক্ষাৰ কাৰণে জঁপিয়াই দিয়ে বাহিৰলৈ।
বিহাৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। হোলী বিশেষ ট্ৰেইনখন বিহাৰৰ পাটনাৰ পৰা মুম্বাই অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। ঘটনাস্থলত উপস্থিত হয় ৰে’ল বিভাগৰ আৰক্ষী আৰু সুৰক্ষা কৰ্মীও। ৰে’ল আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।
এই ঘটনাৰ পাছতেই পাঁচ ঘন্টা ধৰি ৰে’ল চলাচল বন্ধ কৰি দিয়া হয়।