প্ৰথমে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড… তাৰ পাছত স্বামীৰ চৰম সিদ্ধান্ত।

পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি নিজৰ জীৱন শেষ কৰি দিলে স্বামীয়ে। মঙলদৈৰ বলোপাৰা গাঁৱত শিহৰণকাৰী ঘটনা। পত্নীক দাৰে ঘপিয়াই স্বামীয়ে বাছি ললে চৰম সিদ্ধান্ত।

ঘটনা অনুসৰি দুপৰীয়া ১২ মান বজাত মঙলদৈৰ বলপাৰাৰ গকুল বিশ্বাস নামৰ লোকজনে পত্নী নিলীমা বিশ্বাসক দাৰে উপৰ্যুপৰি ঘপিয়ায়। পত্নীক ঘপিয়াই গকুল বিশ্বাসৰ চৰম সিদ্ধান্তৰ পথ বাছি লয়। ঘটনা সংঘটিত হোৱাৰ পিছতেই পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিলীমা বিশ্বাসক লৈ আহে।

সম্প্ৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে পত্নী নীলিমা বিশ্বাস। অৱশ্যে কি কাৰণত এনে ঘটনা সংঘটিত হল সেইয়া এতিয়াও পোহৰলৈ অহা নাই।

Comments (0)
Add Comment