লোকসভা নিৰ্বাচন খেলিবলৈ টকা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ!

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনবঢ়াই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিজেপি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তাৱ লাভ কৰিছিল যদিও তেওঁ ধনৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলে বুলি উল্লেখ কৰিছে।

বিত্ত মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত সেৱা আগবঢ়োৱা নিৰ্মলা সীতাৰমণৰ সম্পত্তিৰ পৰিমান কিমান জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটৰ বাকী মন্ত্ৰীসকলৰ তুলনাত নিৰ্মলা সীতাৰমণৰ সম্পত্তি বহু কম। দেশৰ ভোটাৰক নিৰ্বাচন সম্পৰ্কীয় তথ্য প্ৰদান কৰা ৱেবছাইট Myneta.infoৰ তথ্য অনুসৰি স্থাৱৰ আৰু অস্থাৱৰ মিলি সীতাৰমণৰ মুঠ সম্পত্তিৰ মূল্য ২ কোটি ৫০ লাখ ৯৯ হাজাৰ ৩৯৬ টকা। তেওঁৰ হাতত আছে ৩১৫ গ্ৰাম সোণ আৰু ২ কেজি ৰূপ। বিত্ত মন্ত্ৰীগৰাকীৰ নিজৰ নামত কোনো গাড়ী নাই।

তেওঁৰ এখন বাজাজ চেটক স্কুটি আছে যাৰ মূল্য ২৮,২০০ টকা। ইয়াৰ উপৰি হায়দৰাবাদৰ সমীপত তেওঁৰ ভূমি আছে যাৰ মূল্য প্ৰায় ১৬ লাখ টকা। তেওঁৰ সকলো স্থাৱৰ সম্পত্তিৰ মুঠ মূল্য ১ কোটি ৮৭ লাখ, ৬০ হাজাৰ ২০০ টকা।

ৰাজ্যসভাৰ নির্বাচনী শপতনামাত তেওঁৰ হাতত নগদ ১৭,২০০ টকা থকা বুলি জনাইছিল৷ বেংক এফ ডিৰ ৰূপত আছে ৪৫ লাখ ৪৪৭৯ টকা।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ধনৰ অভাৱ কিয় বুলি কৰা প্ৰশ্ন সন্দৰ্ভত সীতাৰমণে কয় যে দেশৰ টকা মোৰ টকা নহয়। মোৰ নিজৰ দৰমহা, উপাৰ্জন আৰু ৰাহী কৰা টকাই হৈছে মোৰ সম্পত্তি আৰু নিৰ্বাচন খেলিবলৈ এয়া পৰ্যাপ্ত নহয়।

উল্লেখ্য যে, অহা ১৯ এপ্ৰিলৰ পৰা দেশজুৰি আৰম্ভ হ’ব লোকসভা নিৰ্বাচন। সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণ ১ জুনলৈ চলিব। ৪ জুনত ঘোষণা হ’ব ফলাফল।

Comments (0)
Add Comment