হাৰ নমনা ব্যক্তি! ২৩৮ বাৰ পৰাস্ত হোৱাৰ পিছতো পুনৰবাৰ নিৰ্বাচন খেলিবলৈ সাজু এইগৰাকী লোক

নিৰ্বাচনত ২৩৮ বাৰ পৰাস্ত হোৱাৰ পিছতো পুনৰ এবাৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে এজন লোকে। জীৱনত হাৰ মানিব নোখোজা এই লোকজন হৈছে তামিলনাডুৰ পদ্মৰাজন।

৬৫ বছৰীয়া টায়াৰ মেৰামতিৰ দোকানৰ মালিক পদ্মৰাজনে ১৯৮৮ চনত নিজৰ গৃহ চহৰ মেটটুৰৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নিৰ্বাচনত অৱতীৰ্ণ হোৱা বাবে তেওঁক বহু লোকে ঠাট্টা মস্কৰা কৰিছিল যদিও সেয়া ভ্ৰক্ষেপ নকৰি নিৰ্বাচনত যে এজন সাধাৰণ লোকেও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে সেই কথা প্ৰমাণ কৰাই আছিল তেওঁৰ প্ৰধান উদ্দেশ্য।

পদ্মৰাজনে কয়, ‘নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকীয়ে প্ৰতিদ্বন্দ্বীয়ে কেৱল জিকিবই বিচাৰে কিন্তু মোৰ ক্ষেত্ৰত এয়া নহয়। নিৰ্বাচনত অংশ লৈয়ো মই সুখী। জয় বা পৰাজয়ে মোক একো প্ৰভাৱিত নকৰে। পৰাস্ত হ’লেও মই সুখী’।

১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া এইবাৰৰ সাধাৰণ নিৰ্বাচনত তেওঁ তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ এটা সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

‘ইলেকশ্যন কিং’ৰূপে পৰিচিত পদ্মৰাজনে দেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি স্থানীয় নিকায় নিগমৰ নিৰ্বাচনলৈকে সকলোতে অংশ লৈছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ বিৰুদ্ধে পৰাস্ত হৈছে।

পদ্মৰাজনে কয়, ‘জয়ী হোৱাটো বেলেগ কথা। নিৰ্বাচনত মই কাৰ বিৰুদ্ধে থিয় দিছো সেয়াও মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়’।

উল্লেখ্য যে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈ আহিছে। বিগত ত্ৰিশ দশকত তেওঁ নিৰ্বাচনত লাখ লাখ টকা খৰচ কৰিছে। ইয়াৰ ভিতৰত তেওঁৰ শেহতীয়া মনোনয়নৰ বাবে ২৫ হাজাৰ টকাৰ ছিকিউৰিটি ডিপ’জিট আছে, যিটো তেওঁ ১৬ শতাংশতকৈ অধিক ভোট লাভ নকৰিলে ওভতাই নাপায়।

ভাৰতৰ আটাইতকৈ অসফল প্ৰাৰ্থী হিচাপে তেওঁ লিমকা বুক অৱ ৰেকৰ্ডছত স্থান দখল কৰিছে। পদ্মৰাজনৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০১১ চনত, যেতিয়া তেওঁ মেটটুৰত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই নিৰ্বাচনত তেওঁ ৬২৭৩টা ভোট লাভ কৰিছিল।

টায়াৰ মেৰামতিৰ দোকান চলোৱাৰ লগতে তেওঁ স্থানীয় সংবাদ মাধ্যমত সম্পাদক হিচাপেও কাম কৰে। ইয়াৰ উপৰি হোমিঅ’পেথিক চিকিৎসাৰ সেৱাও আগবঢ়াই পদ্মৰাজনে। কিন্তু তেওঁৰ এই সকলো কামৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা।

তেওঁ কয়, ‘মই জয়ী হোৱাৰ কথা নাভাবো – পৰাজয়ে আটাইতকৈ ভাল। যদি আমি এই কথা মনত ৰাখোঁ তেন্তে আমাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে’।

পদ্মৰাজনে জীৱনৰ অন্তিম পৰ্যায়লৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যাব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।    

Comments (0)
Add Comment