ৰিয়ানৰ দুৰ্দান্ত ইনিংছৰ পিছতেই পাঠানে কৰিলে ভবিষ্যদ্বাণী; ছ’চিয়েল মিডিয়াত ভাইৰেল প’ষ্ট

আই পি এলৰ চলিত সংস্কৰণত দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ান পৰাগৰ। বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন মেচত বিস্ফোৰক ইনিংছৰে ক্ৰিকেট অনুৰাগীৰ হৃদয় জিনিছে অসম সন্তান ৰিয়ান পৰাগে।

মেচখনত ৰিয়ানে ৪৫ টা বলত ৮৪ ৰানৰ ইনিংছ খেলে। এই ইনিংছটোৰ বাবেই ৰাজস্থানে দিল্লী কেপিটেলছক পৰাস্ত কৰিবলৈ সক্ষম হয়। প্লেয়াৰ অৱ দ্যা মেচৰ সন্মানেৰেও সন্মানিত হয় ৰিয়ান।

ৰিযান পৰাগৰ এই ইনিংছটো দেখি উৎফুল্লিত হৈ পৰিছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান। পাঠানে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে শ্বেয়াৰ কৰা এটা প’ষ্টত ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে।

তেওঁ প’ষ্টটোত লিখিছে, ‘অহা দুবছৰৰ ভিতৰত ৰিয়ানে ভাৰতৰ হৈ খেলিব’। পাঠানৰ এই প’ষ্টটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

অসমৰ ২২ বছৰীয়া ৰিয়ানে ৪৫ বলৰ ইনিংছত ৭টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত খেলে ৮৪ ৰানৰ ইনিংছ। এই ইনিংছটো তেওঁৰ আই পি এল কেৰিয়াৰৰ সৰ্বোত্তম স্ক’ৰ।

ৰিয়ানৰ বিস্ফোৰক বেটিঙৰ বাবেই ৰাজস্থানে অন্তিম ৭ অভাৰত মুঠ ৯২ ৰান সংগ্ৰহ কৰে। প্ৰথমে বেটিং কৰা ৰাজস্থানে পাঁচ উইকেটৰ বিনিময়ত ১৮৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে ১৭৩ ৰান সংগ্ৰহ কৰে আৰু মেচখন ১২ ৰানত পৰাস্ত হয়।

উল্লেখ্য যে, এই মেচখনত ৰাজস্থানে প্ৰাৰম্ভিক অৱস্থাত একেৰাহে কেইবাটাও উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও ৰিয়ানৰ ধৈৰ্যশীল বেটিঙৰ বাবেই দলে এক প্ৰত্যাহ্বানমূলক স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Comments (0)
Add Comment