আই পি এলত আন এক অভিলেখ গঢ়িবলৈ সাজু বিৰাট কোহলী

আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব আই পি এলৰ চলিত সংস্কৰণৰ দহ নম্বৰ মেচ। বেংলাগলুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া এই মেচখনত ইতিহাস ৰচাৰ সুযোগ পাব ৰান মেচিন বিৰাট কোহলীয়ে।

৩৫ বছৰীয়া বেটছমেন বিৰাটে আৰচিবিৰ হৈ আই পি এলৰ ২৩৯খন খেলত এই পৰ্যন্ত ২৩৭ টা ছয় কোবাইছে। আই পি এলত এটা দলৰ হৈ খেলি সৰ্বাধিক ছয় কোবোৱা বেটছমেন হোৱাৰ সুযোগ পাইছে কোহলীয়ে। এই অভিলেখ ক্ৰীছ গেইলৰ নামত। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ খেলি থকা সময়ত তেওঁ ২৩৯টা ছয় কোবাইছিল। এই ডাঙৰ অভিলেখ ভংগ কৰিবলৈ কোহলীক মাত্ৰ ৩টা ছয়ৰ প্ৰয়োজন।

আই পি এলৰ ৮৫খন মেচত ২৩৯টা ছয়ৰে আৰ চি বিৰ হৈ ১ নম্বৰত আছে গেইল আৰু এ বি ডি ভিলিয়াৰ্ছে ১৫৬খন আই পি এল মেচত ২৩৮টা ছয়ৰে দ্বিতীয় স্থানত আছে।

আই পি এলত এটা দলৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটছমেন

ক্ৰীছ গেইল (আৰ চি বি) – ২৩৯ ছয়

এ বি ডি ভিলিয়াৰ্ছ(আৰ চি বি) – ২৩৮ ছয়

বিৰাট কোহলী (আৰ চি বি) – ২৩৭ ছয়

কাইৰন পোলাৰ্ড (এম আই) – ২২৩ ছয়

ৰোহিত শৰ্মা (এম আই) – ২১০ ছয়

এম এছ ধোনী (চি এছ কে) – ২০৯ ছয়

Comments (0)
Add Comment