ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি।

ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি। দক্ষিণ আফ্ৰিকাত শোকাৱহ বাছ দুৰ্ঘটনা। ইষ্টাৰ উৎসৱলৈ ভক্তসকলক কঢ়িয়াই নিয়া অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন। স্থানীয় প্ৰশাসনৰ মতে,  বাছখন মামাতলাকলা দলঙৰ পৰা বাগৰি প্ৰায় ১৬৪ ফুট দ’ খাৱৈত পৰে। ইয়াৰ পিছতেই বাছখন জ্বলি উঠে। দুৰ্ঘটনাটোত কমেও ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। বাছখনৰ পৰা কেৱল এটি ৮ বছৰীয়া শিশুকহে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। বহু মৃতদেহ জ্বলি যোৱাৰ বাবে চিনাক্তকৰণত সমস্যাৰ সন্মুখীন হৈছে প্ৰশাসন। উল্লেখ্য যে বাছখনে চুবুৰীয়া দেশ বটচৱানাৰ পৰা মৰিয়া চহৰলৈ যাত্ৰা কৰি আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতে পৰিবহণ মন্ত্ৰীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি তদন্তৰ নিৰ্দেশ দিছে।

Comments (0)
Add Comment