উত্তৰ প্ৰদেশৰ দেওৰিয়াত শনিবাৰে পুৱা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত আছে তিনিটা শিশু।
এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
খবৰ অনুসৰি দেওৰিয়াৰ ডুমৰি গাঁৱৰ এটা ঘৰত সংঘটিত হৈছে এই বিস্ফোৰণ। জানিব পৰা মতে, ৰাতিপুৱা শুই উঠাৰ পিছত পৰিয়ালটোৰ এগৰাকী মহিলাই চাহ বনোৱাৰ সময়তে গেছ চিলিণ্ডাৰটো বিস্ফোৰণ ঘটে।
এই বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে সমগ্ৰ পৰিয়ালটোৱেই অগ্নিদগ্ধ হয়। এই ঘটনাত ৩টা শিশু আৰু এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হৈছে।
বিস্ফোৰণৰ শব্দ শুনি ওচৰৰ মানুহবোৰ ঘটনাস্থলত উপস্থিত হৈ পৰিয়ালটো বচাবলৈ চেষ্টা কৰে যদিও অসফল হয়।
তথ্য লাভ কৰাৰ পিছত ডুমৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে ঘটনাৰ তদন্তও আৰম্ভ কৰা বুলি আৰক্ষীয়ে জনায়।
এই দুৰ্ঘটনাৰ তথ্য দি ডি এমে কয় যে আজি পুৱা ডুমৰি গাঁৱত এগৰাকী মহিলাই গেছত চাহ বনাই আছিল, তেতিয়াই চিলিণ্ডাৰত ব্যাপক বিস্ফোৰণ ঘটে। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হৈছে।