পাকিস্তানৰ বাবে দেৱদূত ভাৰতীয় সেনা! ২৩ পাকিস্তানীৰ জীৱন বচালে ভাৰতে

পুনৰ এবাৰ পাকিস্তানৰ বাবে দেৱদূত হৈ আহিল ভাৰতীয় সেনা। ২৩ গৰাকী পাকিস্তানী নাগৰিকৰ জীৱন ৰক্ষা কৰি মানৱীয়তাৰ পৰিচয় দিলে ভাৰতে। ছোমালিয়াত জলদুস্যৰ পৰা ভাৰতীয় সেনাই বচালে ২৩ গৰাকী পাকিস্তানী নাগৰিকৰ জীৱন।

যোৱা শুক্ৰবাৰে সন্ধিয়া হিন্দু মহাসাগৰৰ এদেন উপকূলত ইৰাণৰ অল কম্বৰ নামৰ জাহাজখন জলদুস্যই হাইজেক কৰাৰ খবৰ লাভ কৰে ভাৰতীয় সেনাই। ছোমালিয়াৰ ৯টা জলদুস্যই হাইজেক কৰে জাহাজখন।

হাইজেক কৰাৰ খবৰ লাভ কৰা মাত্ৰকে ভাৰতীয় নৌসেনাৰ INS সুমেধা নামৰ জাহাজখনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। INS ত্ৰিশূলৰ জৰিয়তে অভিযান চলাই ভাৰতীয় সেনাই হাইজেক হোৱা জাহাজখন উদ্ধাৰ কৰে। ১২ ঘণ্টা অভিযান চলাই ভাৰতীয় সেনাই ৯ টা জলদুস্যক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায়। লগতে জাহাজত থকা ২৩ গৰাকী পাকিস্তানী সদস্যক সুকলমে উদ্ধাৰ কৰে। 

Comments (0)
Add Comment