ধনৰ অভাৱ! টিকট বিচৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ৫০ হাজাৰকৈ বিচাৰিছে কংগ্ৰেছে

আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা ধন বিচাৰিছে ওড়িশা কংগ্ৰেছে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শৰৎ পাটনায়কে দলীয় কাম-কাজত ব্যৱহাৰ কৰিবলৈ প্ৰতিগৰাকী দলীয় টিকট বিচৰা নেতাৰ পৰা ৫০ হাজাৰকৈ টকা বিচাৰিছে।

সভাপতি পাটনায়কে কয় যে সকলোৱে এই ধন ওড়িশা প্ৰদেশ কংগ্ৰেছ কমিটিলৈ প্ৰদান কৰিব। কোনো ব্যক্তিগত নেতাৰ নামত এই ধন জমা কৰা নহয়।

অৱশ্যে কংগ্ৰেছ সভাপতিগৰাকীয়ে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ বাবে কিমানজন প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে সেই সন্দৰ্ভত কোনো তথ্য প্ৰদান নকৰিলে। কিন্তু সূত্ৰই জনোৱা মতে, ইতিমধ্যে বহু প্ৰাৰ্থীয়ে উল্লেখিত ধনৰ চেক জমা কৰিছে।

এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা কাৰ্যক সঠিক বুলি মন্তব্য কৰি কয় যে প্ৰচাৰৰ সময়ত যাতে নিৰ্বাচনী সামগ্ৰী সুকলমে উপলব্ধ কৰিব পৰা যায় তাৰ বাবে বিচৰা হৈছে।

এই সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা বিধায়ক তাৰা প্ৰসাদ বাহিনীপতিয়ে কয় যে কংগ্ৰেছ প্ৰাৰ্থীয়ে দলৰ বাবে কিছু ত্যাগ কৰিব লাগিব।

‘চেক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছে আৰু ইয়াত লুকুৱাবলগীয়া একো নাই। যিহেতু দলৰ হাতত পৰ্যাপ্ত ধন নাই, গতিকে প্ৰাৰ্থীসকলে কিছু ত্যাগ কৰিব লাগিব’, তেওঁ লগতে এইদৰে কয়।

উল্লেখ্য যে, ওড়িশাত চাৰিটা পৰ্যায় অৰ্থাত ১৩, ২০, ২৭ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। আনহাতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনো একে কেইটা দিনতে অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment