উজনিৰ চাৰিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA-ৰ ম্যাদ

অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে উজনি অসমৰ চাৰিখন জিলাক পুনৰ ৬ মাহৰ বাবে ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰিছে। 

উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ সন্দৰ্ভত চলি থকা উদ্বেগৰ প্ৰতি সহাৰি জনাই শসস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন-১৯৫৮ ৰ ধাৰা-৩ ৰ অধীনত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলা কেইখনক ‘অশান্ত অঞ্চল’ হিচাপে পুনৰ ঘোষণা কৰা হৈছে।

১ এপ্ৰিলৰ পৰা অতিৰিক্ত ৬ মাহলৈ এই জিলা কেইখনক ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হৈছে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে এই জিলা চাৰিখনত আফস্পাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই প্ৰস্তাৱক গৃহ মন্ত্ৰীলয়ে সমৰ্থন জনোৱাত পুনৰ ৬ মাহলৈ জিলা কেইখনক অশান্ত হিচাপে ঘোষণা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৭ ছেপ্তেম্বৰত এই জিলা কেইখনত ৬ মাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি কৰিছিল। আজি এই ম্যাদৰ অন্ত পৰিব।

এই সন্দৰ্ভত অসম আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যত আইন-শৃংখলা যথেষ্ট উন্নত হৈছে। কিন্তু এই চাৰিখন জিলাত এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে বাবেই পুনৰ ৬ মাহৰ বাবে এই চাৰিখন জিলাক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে।

Comments (0)
Add Comment