কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বোৱাৰীয়ে যোগদান কৰিলে বিজেপিত

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিলৰ বোৱাৰী অৰ্চনা পাটিল চাকুৰকাৰে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে বিজেপিত যোগদান কৰে অৰ্চনা পাটিল চাকুৰকাৰে।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভীছৰ উপস্থিতিত তেওঁ বিজেপি দলত যোগদান কৰে। এই উপলক্ষে ভাষণ দি ফাড়নভীছে কয় যে অৰ্চনাৰ যোগদানে  বিজেপি দলক যথেষ্ট সহায় কৰিব।

শিৱৰাজ পাটিলৰ জন্মস্থান মাৰাঠৱাড়া অঞ্চলত দলক শক্তিশালী কৰাত সহায় কৰিব বুলিও উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অৰ্চনা পাটিল চাকুৰকাৰ

পেছাত এগৰাকী চিকিৎসক অৰ্চনা পাটিল চাকুৰকাৰ বৰ্তমান মহাৰাষ্ট্ৰৰ উদগীৰস্থিত লাইফকেয়াৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ। তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ বোৱাৰী।

কংগ্ৰেছৰ মহাৰাষ্ট্ৰ ইউনিটৰ সম্পাদক শৈলেশ পাটিল চাকুৰকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অৰ্চনা।

মহাৰাষ্ট্ৰৰ মিৰাজৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক (এম বি বি এছ) ডিগ্ৰী লাভ কৰিছে।

২০০৫ চনৰ মাৰ্চ মাহৰ পৰা উৰ্জা ফাউণ্ডেচনৰ সৈতে জড়িত অৰ্চনা পাটিলে বিগত ১৯ বছৰে সমাজ সেৱাত নিজকে উৎসৰ্গা কৰিছে।

মহিলাসকলক লৈ বিজেপিয়ে লোৱা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি আকৃষ্ট হৈয়ে তেওঁ বিজেপি দলত যোগদান কৰা বুলি উল্লেখ কৰিছে।

Comments (0)
Add Comment