জেইলত বন্দী অৰবিন্দ কেজৰিৱালৰ ৬টা ডাঙৰ প্ৰতিশ্ৰুতি; পঢ়ি শুনালে পত্নীয়ে

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দিল্লীৰ ৰামলীলা ময়দানত আজি আয়োজন কৰা হৈছে আম আদমী পাৰ্টিৰ উদ্যোগত এক বৃহৎ সমাৱেশ। এই সমাৱেশত বিৰোধী মিত্ৰজোঁট INDIAৰ সকলো শীৰ্ষ নেতা উপস্থিত আছে।

এই সমাৱেশতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে ডাঙৰ ঘোষণা কৰিছে। কেজৰিৱালে জেইলৰ ভিতৰৰ পৰা প্ৰদান কৰা ৬টা প্ৰতিশ্ৰুতিও পঢ়ি শুনাই সুনীতা কেজৰিৱালে।

এই সমাৱেশত সুনীতা কেজৰিৱালে কয় যে- ভাৰতৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালৰ সৈতে আছে। তেওঁক চিৰদিনৰ বাবে জেইলত ৰাখিব নোৱাৰে।

প্ৰথমটো বৃহৎ ৰাজনৈতিক ভাষণত সুনীতা কেজৰিৱালে হাজাৰ-হাজাৰ আম আদমী পাৰ্টিৰ সমৰ্থকৰ সন্মুখত অৰবিন্দ কেজৰিৱালৰ পৰা লাভ কৰা বাৰ্তাটো পাঠ কৰে।

সুনীতা কেজৰিৱালে পাঠ কৰা কেজৰিৱালৰ বাৰ্তাটো- অৰবিন্দ কেজৰিৱালে আপোনালোকৰ পৰা ভোট বিচৰা নাই। মই আপোনালোকক নিৰ্বাচনত কাকো পৰাস্ত কৰাত সহায় কৰিবলৈও কোৱা নাই। মই মাত্ৰ ১৪০ কোটি ভাৰতীয়ক এই দেশক আগুৱাই নিয়াত সহায় কৰিবলৈ অনুৰোধ কৰিছো।

কেজৰিৱালে জেইলৰ ভিতৰৰ পৰা প্ৰদান কৰা ৬টা প্ৰতিশ্ৰুতিও পঢ়ি শুনাই পত্নী সুনীতা কেজৰিৱালে। প্ৰথম নিশ্চয়তা- দেশত কোনো ধৰণৰ বিদ্যুৎ কৰ্তন কৰা নহ’ব। দ্বিতীয়টো নিশ্চয়তা হ’ল সমগ্ৰ দেশতে দুখীয়াৰ বাবে বিদ্যুৎ বিনামূলীয়া হ’ব। তৃতীয়তে, প্ৰতিখন গাঁৱতে এখন ভাল স্কুল হ’ব য’ত সমাজৰ সকলো শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে গুণগত শিক্ষা লাভ কৰিব।

চতুৰ্থতে প্ৰতিখন গাঁৱতে এখন মহল্লা ক্লিনিক আৰু প্ৰতিখন জিলাতে চৰকাৰী বহুবিশেষ চিকিৎসালয় হ’ব। পঞ্চমত স্বামীনাথনৰ প্ৰতিবেদন অনুসৰি কৃষকে ভাল নূন্যতম সমৰ্থন মূল্য লাভ কৰিব। আৰু শেষ নিশ্চয়তা হ’ল দিল্লীৰ জনসাধাৰণে বহু বছৰ ধৰি অন্যায়ৰ সন্মুখীন হৈ আহিছে৷ এনে পৰিস্থিতিত আমি এই অন্যায়ৰ অন্ত পেলাম। আমি দিল্লীক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিম।

ক্ষমতালৈ অহাৰ অহা পাঁচ বছৰৰ ভিতৰত INDIA মিত্ৰজোঁটৰ চৰকাৰে এই সকলোবোৰ নিশ্চয়তা পূৰণ কৰিব বুলিও কেজৰিৱালে জেইলৰ পৰা লিখা পত্ৰত উল্লেখ আছে।

উল্লেখ্য যে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধাচৰণ কৰি আয়োজন কৰা এই বৃহৎ সমাৱেশত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাংসদ ৰাহুল গান্ধী, এন চি পি (এছ পি) মুৰব্বী শৰদ পাৱাৰ, শিৱসেনা উদ্ধৱ গোটৰ মুৰব্বী উদ্ধৱ থাকৰে, সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱসহ বিৰোধী মিত্ৰজোঁটৰ বহু নেতাই অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment