গুজৰাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দ্বাৰকা নিবাসী এটা পৰিয়ালৰ ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত চাৰিজন সদস্যৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছে এগৰাকী বৃদ্ধা, স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সাতমহীয়া কন্যা সন্তান।
পুৱতি নিশা প্ৰায় তিনিৰ পৰা চাৰি বজাৰ ভিতৰত এই কৰুণ ঘটনাটো সংঘটিত হয় বুলি অনুমান কৰা হৈছে।
শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা এই অগ্নিকাণ্ডৰ পিছত ঘৰটো ধোঁৱাৰে আৱৰি ধৰে আৰু যাৰ ফলত শ্বাহৰুদ্ধ হৈ পৰিয়ালটোৰ চাৰিজন সদস্যৰ মৃত্যু হয়।
এই ঘটনাটো পুৱতি নিশা সংঘটিত হোৱা বাবে ওচৰ-চুবুৰীয়াই একো জানিব পৰা নাছিল বুলি স্থানীয় লোকে উল্লেখ কৰে।
সম্প্ৰতি ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰকৃত ৰহস্য জানিবলৈ তদন্ত আৰম্ভ কৰা বুলি জনাইছে।