উত্তৰ প্ৰদেশৰ মোৰাদাবাদত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত এটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য দুজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।
আহত লোকসকলক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা অনুসৰি, আজি ৰাতিপুৱা তীব্ৰবেগত অহা এখন স্কৰপিঅ’ বাহনে এটা ৰে’লৱে ক্ৰছিঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এটা খুঁটাত খুন্দা মাৰি খাৱৈত বাগৰি পৰে।
হৰিদ্বাৰ ঘাইপথত সংঘটিত এই দুৰ্ঘটনাটোত তিনিগৰাকী মহিলাসহ চাৰিজন লোকৰ ঘটনাস্থলতে মৃত্যু হয়। আনহাতে এগৰাকী মহিলা আৰু এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকসকল উত্তৰাখণ্ডৰ দেহৰাদুনৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
মোৰাদাবাদৰ মোগলপুৰাত আত্মীয়ৰ ঘৰলৈ আহিছিল দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটো। আৰক্ষী অধীক্ষক (গ্ৰাম্য) সন্দীপ মীনাই কয় যে চালকজন টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।