ধুমুহা গতিৰ বলেৰে চমক; অভিষেক মেচতেই জিলিকি উঠিল এইগৰাকী ভাৰতীয় বলাৰ

নিশাৰ ভিতৰতে তাৰকাত পৰিণত হ’ল ধুমুহা গতিৰ বলেৰে প্ৰতিপক্ষৰ বেটছমেনক শলঠেকত পেলোৱা এগৰাকী ভাৰতীয় বলাৰ। আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলা এইগৰাকী বলাৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ভৱিষ্যতৰ ছুপাৰষ্টাৰ আখ্যা দিছে বহু ক্ৰিকেট বিশেষজ্ঞই।

সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এই খেলুৱৈগৰাকী হ’ল মায়ংক যাদৱ। দিল্লীৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা এইগৰাকী বলাৰে শনিবাৰে অনুষ্ঠিত হৈ যোৱা আই পি এলৰ এখন মেচত লক্ষ্ণৌৰ হৈ অভিষেক ঘটায়।

পঞ্জাৱৰ বিৰুদ্ধে খেলা মেচখনৰ ১২ নম্বৰ অভাৰত প্ৰতি ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগেৰে এটা বল কৰি চাঞ্চল্যৰ সৃষ্টি কৰে। এই বলটো আই পি এলৰ চলিত ছিজনৰ সৰ্বাধিক দ্ৰুততম বল।

২১ বছৰীয়া যাদৱে কৰা সেই দ্ৰুত বলটোৰ সন্মুখত বেটিং কৰি আছিল পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱান।

ধুমুহাৰ গতিৰে কৰা বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি জনী বেয়াৰষ্টো, প্ৰভছিমৰণ সিং আৰু জীতেশ শৰ্মাই সহজতে উইকেট দি পেভেলিয়নলৈ উভতি যায়। মেচখনত ৪ অভাৰত ২৭ ৰান দি তিনিটা উইকেট দখল কৰা মায়ংক যাদৱে লাভ প্লেয়াৰ অফ দ্যা মেচৰ সন্মান।

মায়ংকৰ বিধ্বংসী বলিঙৰ বাবেই মেচখন বিজয়ী হয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। যুৱ প্ৰতিভাৱান এইগৰাকী বলাৰৰ বলিং দেখাৰ পিছৰে পৰা তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে ব্ৰেট লী, কেভিন পিটাৰছন, ইৰফান পাঠানৰ দৰে আন বহু প্ৰাক্তন ক্ৰিকেটাৰে।

মায়ংক যাদৱে ছোৱেইব আখতাৰৰ নামত থকা দ্ৰুত বলৰ অভিলেখ ভংগ কৰি পাৰিব বুলিও ছ’চিয়েল মিডিয়াত বহু অনুৰাগীয়ে মন্তব্য কৰা দেখা গৈছে।

মেচখনত মায়ংক যাদৱে কৰা ২৪টা বলৰ ভিতৰত ৭টা বলেই আছিল ১৫০ৰ ওপৰত। আনহাতে প্ৰতিটো বলেই আছিল প্ৰতিঘণ্টাত ১৪০ কিলোমিটাৰ গতিবেগৰ ওপৰত।

উল্লেখ্য যে ২০২২ৰ নিলামত মায়ংক যাদৱক ২০ লাখ টকাত ক্ৰয় কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। কিন্তু আঘাতৰ বাবে খেলিব পৰা নাছিল আই পি এল ২০২৩ৰ সম্পূৰ্ণ ছিজন। কিন্তু এইবাৰ অভিষেক মেচতেই নিজৰ গতিৰে বিশ্ব ক্ৰিকেটত খলকনি তুলিবলৈ সক্ষম হৈছে যাদৱে। 

Comments (0)
Add Comment