আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ED য়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব আম আদমী পাৰ্টিৰ নেতাগৰাকী।
দিল্লীৰ ৰ’জ এভিনিউ আদালতৰ এই ৰায়।
আজিৰ পৰা ১৫ এপ্ৰিললৈকে অৰবিন্দ কেজৰিৱালৰ নতুন ঠিকণা হ’ব তিহাৰ জেল। ইতিমধ্যে তিহাৰ জেল কৰ্তৃপক্ষই কেইবাখনো বৈঠকত মিলিত হৈছে।
উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালে ই ডিৰ ৯ টা চমন এৰি চলাৰ অভিযোগ আছে।