উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনিগৰাকী শিক্ষাৰ্থীৰ লগতে বাছখনৰ কণ্ডাক্টৰজনৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন আহত হয়। মঙলবাৰে সংঘটিত এই শোকাৱহ ঘটনাটো।
দুৰ্ঘটনাটোত মৃত্যু হোৱা শিক্ষাৰ্থী তিনিজনৰ বয়স ১৩ আৰু ১৪ বছৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ এটা দলে বিদ্যালয়ৰ পৰা বনভোজ খাবলৈ গৈছিল। বনভোজৰ পৰা উভতি আহি থকা অৱস্থাত ছালাৰপুৰ নামৰ এটা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এজন বাইক আৰোহীক বচাবলৈ গৈ বাছখন দুৰ্ঘটনাত পতিত হয়।
মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি বাৰাবাংকিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চি এন সিনহাই সংবাদ মাধ্যমক জানিব দিয়ে।
এই শিহৰণকাৰী পথ দুৰ্ঘটনাত শোকপ্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।