কে এল ৰাহুলৰ নেতৃত্বত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চলিত আই পি এলৰ ছিজনত এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। তিনিখন খেলৰ ভিতৰত দুখন খেলত জয়লাভ কৰি দলটোৱে ৪ পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।
ইয়াৰ মাজতে দলটোৰ বাবে আহিছে এক বেয়া খবৰ। বেগী বলাৰ শিৱম মাভি আঘাতৰ বাবে সম্পূৰ্ণ ছিজনৰ পৰা বাহিৰ হৈছে।
আঘাতৰ বাবেই চলিত ছিজনৰ আৰম্ভণিৰ এখন মেচতো খেলিবলৈ সুযোগ পোৱা নাই মাভিয়ে। এই বলাৰগৰাকীক মিনি নিলামত ৬.৪ কোটি টকাত ক্ৰয় কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।
শিৱম মাভি সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি দি ফ্ৰেঞ্চাইজিয়ে কয়, ‘দুৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে আইপিএল ২০২৪ৰ পৰা বাহিৰ হৈছে শিৱম মাভি। ডিচেম্বৰ মাহত নিলামৰ সময়ত আমাৰ লগত যোগ দিছিল সোঁহতীয়া বেগী বলাৰগৰাকীয়ে আৰু ছিজন আৰম্ভ হোৱাৰ পূৰ্বে হোৱা প্ৰি-ছিজন শিবিৰতো অংশ লৈছিল। শিৱম মাভি আমাৰ দলৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল, গতিকে শিৱমৰ লগতে আমিও দুখী যে তেওঁৰ বাবে এই ছিজনটো বহুত সোনকালে শেষ হ’ল। আমি আশা কৰিছো যে শিৱমে দুৰ্দান্ত ৰূপত প্ৰত্যাৱৰ্তন কৰিব’।
ফ্ৰেঞ্চাইজিয়ে ইনষ্টাগ্ৰামত শিৱম মাভিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত মাভিয়ে কৈছে, মই প্ৰতিযোগিতাখনক বহুত মিছ কৰিম। আঘাতৰ পিছত ইয়ালৈ আহি ভাবিছিলো যে মই মোৰ দলৰ হৈ মেচ খেলিম আৰু ভাল প্ৰদৰ্শন কৰিম। কিন্তু, দুৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে টুৰ্ণামেণ্ট এৰিবলগীয়া হৈছে।
উল্লেখ্য যে, গতিৰ বাবে পৰিচিত শিৱম মাভিয়ে আই পি এলত সৰ্বমুঠ ৩২ খন মেচত খেলি ৩০টা উইকেট দখল কৰিছে।