সন্ধিয়া মুকলি আকাশৰ তললৈ আহিব আপ সাংসদ সঞ্জয় সিং

আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জামিন লাভ কৰিছে। ইতিমধ্যে তিহাৰ কাৰাগাৰলৈ ৰাওনা হৈছে সঞ্জয় সিঙৰ পৰিয়াল আৰু তেওঁৰ অধিবক্তা। দিল্লীৰ ৰাউছ এভিনিউ আদালতে সঞ্জয় সিঙৰ মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে।

আজি সন্ধিয়াৰ ভিতৰত সঞ্জয় সিঙে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আৰক্ষীৰ দলটোৱে সঞ্জয় সিঙক দিল্লীৰ আই এল বি এছ হাস্পতালৰ পৰা স্বাস্থ্য পৰীক্ষা কৰোৱাই তিহাৰ জেইললৈ লৈ গৈছে। ইয়াৰ পিছত যাৱতীয় কাম-কাজ সম্পন্ন কৰি সঞ্জয় সিঙক মুকলি কৰি দিয়া হ’ব।

দিল্লী সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা সাংসদ সঞ্জয় সিঙক মঙলবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ পি বি ভাৰালেৰ বিচাৰপীঠে ছমাহ ধৰি কাৰাগাৰত বন্দী সঞ্জয় সিঙৰ মুক্তিৰ নিৰ্দেশ দিয়ে। বিচাৰপীঠে কয় যে তেওঁৰ পৰা কোনো ধন পোৱা নাছিল। আপ নেতাজনে ৰাজনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰিব যদিও এই বিষয় সন্দৰ্ভত কোনো বক্তব্য দিব নোৱাৰে বুলি বিচাৰপীঠে কয়।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে আপৰ শীৰ্ষ নেতাগৰাকীৰ জামিনে দলটোৰ প্ৰচাৰ অভিযানত যথেষ্ট সহায়ক হ’ব বুলি অনুমান কৰা হৈছে।  

Comments (0)
Add Comment