৮ ঘণ্টা ধৰি চলা এনকাউণ্টাৰত ১৩ জন মাওবাদীৰ মৃত্যু

মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰৰ কোৰচোলি বনাঞ্চলত সংঘটিত হোৱা এনকাউণ্টাৰত এতিয়ালৈকে ১৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়ালৈকে ১০ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

কিন্তু আজি পুৱা পুনৰ তালাচী চলোৱাৰ অন্তত নিৰাপত্তাৰক্ষীৰ দলে উদ্ধাৰ কৰিছে আৰু ৩ জন মাওবাদীৰ মৃতদেহ। প্ৰায় ৮ ঘণ্টা ধৰি চলা এই এনকাউণ্টাৰৰ পিছত এতিয়ালৈকে ১৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে।

উল্লেখ্য যে মঙলবাৰে পুৱাৰ পৰা ডি আৰ জি, চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন আৰু বাষ্টাৰ বেটেলিয়নৰ জোৱানৰ সৈতে মাওবাদীৰ মাজত দীঘলীয়া সময় সংঘৰ্ষ চলিছিল।

এই এনকাউণ্টাৰৰ অন্তত আৰক্ষী বিষয়াসকলে জনোৱা মতে, জিলাখনৰ গংগাপুৰ থানা এলেকাৰ অন্তৰ্গত লেণ্ড্ৰা গাঁৱৰ অৰণ্যত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এনকাউণ্টাৰ সংঘটিত হয়। এই এনকাউণ্টাৰ প্ৰায় ৮ ঘণ্টা ধৰি চলিছিল।

এনকাউণ্টাৰৰ পিছত আৰম্ভ হোৱা তালাচী অভিযানৰ সময়ত এই পৰ্যন্ত ১৩ জন মাওবাদীৰ মৃতদেহ ঘটনাস্থলৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষ স্থলৰ পৰা এল এম জি আৰু এ কে ৪৭ৰ দৰে স্বয়ংক্ৰিয় অস্ত্ৰও উদ্ধাৰ কৰিছে।

ডি আৰ জি, চি আৰ পি এফ, কোব্ৰা, বাষ্টাৰ ফাইটাৰ, বাষ্টাৰীয়া বেটেলিয়ন আৰু চি এ এফৰ জোৱানৰ যৌথ দলে এই মাও বিৰোধী অভিযান চলাইছিল।

Comments (0)
Add Comment