পুনৰ এক মহামাৰীয়ে বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উষ্ণতা বৃদ্ধিৰ লগে লগে প্ৰকোপ বাঢ়িছে এই ভাইৰাছবিধৰ। এই ভাইৰাছ ক’ভিডতকৈও শক্তিশালী বুলি প্ৰকাশ পাইছে এক তথ্যত।
আমি উল্লেখ কৰা এই ভাইৰাছবিধ হৈছে বাৰ্ড ফ্লু H5N1 ভাইৰাছ। এই পুৰণি ৰোগে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব পাৰে নতুন আতংকৰ।
এই বাৰ্ড ফ্লুৱে ক’ভিডতকৈও ১০০ গুণ ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। বাৰ্ড ফ্লু ভাইৰাছ চিকিৎসা বিজ্ঞানৰ বাবে এক নতুন প্ৰত্যাহ্বান।
জানিব পৰা মতে, সম্প্ৰতি বিশ্বজুৰি এই ৰোগত বহু লোক আক্ৰান্ত হৈছে আৰু আধাতকৈ বেছি সংখ্যকে মৃত্যুক আকোৱালি লৈছে। প্ৰত্যেক ১০০ গৰাকী আক্ৰান্তৰ ৫২ গৰাকী লোকৰে মৃত্যু নিশ্চিত বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈ ৮৮৭ গৰাকী আক্ৰান্তৰ ৪৬২ গৰাকীৰ প্ৰাণ লৈছে বাৰ্ড ফ্লুৱে। পক্ষীৰ পৰা মানৱ দেহলৈ বিয়পি পৰে এই ভাইৰাছ। বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ভাইৰাছবিধে।