সেনাৰ কাৰ্যালত ভয়ংকৰ আক্ৰমণ। নিহত ২৭ গৰাকী

ইৰাণত সন্ত্ৰাসবাদী গোটৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত ২৭ জন, আহত ১০ জন লোক। নিহতসকলৰ ভিতৰত ১১ গৰাকী ইৰাণী সৈনিক। দক্ষিণ-পূৱ ইৰাণৰ ছিস্তান-বেলুচিস্তান প্ৰান্তৰ চাবহাৰ আৰু ৰাস্কৰ Revolutionary Guardsৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে। জৈশ-আল-আদল সন্ত্ৰাসবাদী গোটে এই আক্ৰমণ চলোৱাৰ সন্দেহ। ইৰাণৰ উপ অভ্যন্তৰীণ মন্ত্ৰী মজিদ মীৰাহমাদীয়ে কয় যে সন্ত্ৰাসবাদীসকলে চাবাহাৰত সীমান্ত ৰক্ষীসকলৰ মুখ্য কাৰ্যালয় দখল কৰাৰ পৰিকল্পনা ৰচিছিল।অৱশ্যে সন্ত্ৰাসবাদী নিজৰ উদ্দেশ্যত সফল হব নোৱাৰিলে। ইৰাণৰ সংবাদ মাধ্যম আইআৰএনএ-য়ে জনাইছে যে ইছলামিক ৰিভলিউচনৰী গাৰ্ডছ কৰ্পছে এতিয়ালৈকে ১৫ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে। ইৰাণত সংঘটিত এই আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে পাকিস্তানে।

Comments (0)
Add Comment