ক্ৰীড়া ক্ষেত্ৰত কোনো অভিলেখেই স্থায়ী নহয়। সেয়া প্ৰমাণ কৰি দেখুৱালে ১৬ বছৰীয়া এগৰাকী স্প্ৰিন্টাৰে। বিশ্বৰ দ্ৰুততম মানৱৰূপে পৰিচিত উছেইন ব’ল্টৰ নামত থকা এক অভিলেখ ভংগ কৰিলে ১৬ বছৰীয়া নিক’ই ব্ৰেমৱেল নামৰ এগৰাকী এথলীটে।
৫১ সংখ্যক কেৰিফ্টা গেইমছৰ ১৭ অনুৰ্ধ্বৰ ৪০০ মিটাৰ দৌৰত আঠবাৰৰ অলিম্পিক চেম্পিয়ন ব’ল্টৰ নামত থকা ২২ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰে ব্ৰেমৱেলে।
ব্ৰেমৱেলে মাত্ৰ ৪৭.২৬ চেকেণ্ডত দৌৰ সম্পন্ন কৰি ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে।
উল্লেখ্য যে, উছেইন ব’ল্টে ২০০২ চনত অনুষ্ঠিত হোৱা ৩১ সংখ্যক কেৰিফ্টা গেইমছত ৪০০ মিটাৰ দৌৰত এই অভিলেখ গঢ়িছিল। তেওঁ দৌৰ সম্পন্ন কৰিছিল মাত্ৰ ৪৭.৩৩ চেকেণ্ডত।
গ্ৰেনাডাৰ কিৰানি জেমছ এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ অন্যতম দাবীদাৰ আছিল কিংষ্টনৰ কেলাবাৰ হাইস্কুলৰ ছাত্ৰ নিক’ই ব্ৰেমৱেল।