ধোনীক প্ৰয়োজন মাত্ৰ ৬ ৰানৰ; চেন্নাই ছুপাৰ কিংছৰ হৈ গঢ়িব বিশেষ অভিলেখ

আই পি এলৰ চলিত ছিজনত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ। মেচখনত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব এম এছ ধোনীৰ ওপৰত।

ইয়াৰ আগৰ মেচখনত চি এছ কে পৰাস্ত হ’লেও ধোনীৰ বেটিং বিক্ৰমে সকলোকে মোহাচ্চন্ন কৰি তুলিছিল। আজি হায়দৰাবাদৰ বিৰুদ্ধে যদি পুনৰবাৰ বেটিং কৰিবলৈ আহে তেন্তে চি এছ কেৰ হৈ এক বিশেষ মাইলষ্টন গঢ়াৰ সুযোগ পাব ধোনীয়ে।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচখনত ধোনীয়ে ৬ ৰান সংগ্ৰহ কৰিব পাৰিলেই চি এছ কেৰ ইতিহাসত ৫০০০ ৰান সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী খেলুৱৈত পৰিণত হ’ব।

ধোনীয়ে এই পৰ্যন্ত চি এছ কেৰ হৈ খেলা ২৪৭ খন মেচত ৪৯৯৪ ৰান সংগ্ৰহ কৰিছে। আজি ৬ ৰান সংগ্ৰহ কৰিলেই বিশেষ মাইলষ্টনত উপনীত হ’ব ধোনী।

চেন্নাই ছুপাৰ কিংছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ৩ গৰাকী বেটছমেন

১. সুৰেশ ৰাইনা – ২০০ মেচত ৫৫২৯ ৰান

২. এম এছ ধোনী- ২৪৭ মেচত ৪৯৯৪ ৰান

৩. ফাফ ডুপ্লেচিছ – ১০০ মেচত ২৯৩২ ৰান

উল্লেখ্য যে, ধোনীয়ে চেন্নাইৰ হৈ আই পি এলত ৪৫৪৫ ৰান কৰাৰ বিপৰীতে বাকীখিনি ৰান চেন্নাইৰ হৈ চেম্পিয়নছ লীগত সংগ্ৰহ কৰিছিল। আই পি এলৰ প্ৰথম সংস্কৰণ অৰ্থাত ২০০৮ ৰ পৰা চি এছ কেৰ সৈতে জড়িত হৈ আছে। সম্ভৱতঃ এইটোৱেই হ’ব ধোনীৰ অন্তিমটো আই পি এল ছিজন।

Comments (0)
Add Comment