গান্ধী পৰিয়ালৰ দূৰ্গত চকু ছোনিয়া গান্ধীৰ জোঁৱাই ৰৱাৰ্ট ৱাদ্ৰাৰ

সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো নিৰ্বাচনী দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। এইবাৰ ৰাজনৈতিক মহলত চৰ্চাত আহিছে এটা সমষ্টি, সেয়া হল আমেঠি সমষ্টি। আমেঠি সমষ্টিক গান্ধী পৰিয়ালৰ দূৰ্গ বুলি সকলোৱে জানে।

আমেঠি সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ৱাদ্ৰা। পেছাত ব্যৱসায়ী ৰবাৰ্টে ৰাজনীতিৰ পথাৰত খোজ দিবলৈ মন মেলিছে। প্ৰায় ৪০ টা বছৰ গান্ধী পৰিয়ালৰ দখলত আছে আমেথি সমষ্টি।

২০১৯ চনত ৰাহুল গান্ধীক পৰাজিত কৰি আমেথি সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল  স্মৃতি ইৰাণী। বৰ্তমানেও স্মৃতি ইৰাণীৰ দখলত আছে আমেথি সমষ্টি।

২০ মে’ত হ’বলগা লোকসভা নিৰ্বাচনক লৈ আমেথি সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ কোনে প্ৰতিদন্দ্বিতা কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ৰবাৰ্ট ৱাদ্ৰাই ‘I will be a good leader’ বুলি উল্লেখ কৰি তেওঁ কয়, ‘দলটোক সুন্দৰভাৱে চলাই নিব পাৰিম। গতিকে মোক যদি সুযোগ দিয়ে মই ৰাইজৰ বাবে কাম কৰিবলৈ সদায় প্ৰস্তুত থাকিম। মই জানো যে আমেথিৰ লোকসকলে মোক খুব ভাল পায়। মোৰ কৰ্মৰাজিৰ বিষয়েও তেওঁলোক জ্ঞাত। গান্ধী পৰিয়ালৰ ইয়াত এটা সুকীয়া পৰিচয় আছে। স্মৃতি ইৰাণীয়ে আমেথিবাসীৰ বাবে একো কাম কৰা নাই।‘

Comments (0)
Add Comment