চাৰিচকীয়া বাহনত খুন্দা সুৰক্ষাকৰ্মী কঢ়িয়াই নিয়া বাছৰ; ৩ জনৰ মৃত্যু, ২৬ জোৱান আহত

মধ্যপ্ৰদেশৰ ছিওনী জিলাৰ কেৱালাৰী থানা এলেকাত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। জিলাখনৰ লোপা গাঁৱৰ সমীপত ৩৫ নং বেটেলিয়নৰ এছ এফ জোৱান কঢ়িয়াই অনা এখন বাছ চাৰিচকীয়া বাহনৰ লগত খুন্দা মাৰি বাগৰি পৰে।

দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৬ জন আৰক্ষী আহত হয়। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ জোৱানসকলে এখন বাছেৰে মণ্ডলা জিলাত মুখ্যমন্ত্ৰী ডিউটিৰ বাবে আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে, মণ্ডলাত বাস কৰা একাংশ লোক নাগপুৰৰ পৰা চিকিৎসা গ্ৰহণ কৰি গাড়ীৰে ঘৰলৈ উভতি আহি আছিল। এই সময়তে ধনগাড়ৰ সমীপত আৰক্ষী জোৱান কঢ়িয়াই অনা বাছখনে এখন গাড়ীৰ সৈতে খুন্দা মাৰে।

এই দুৰ্ঘটনাত গাড়ীত গৈ থকা অশোক কুক্ৰেজা, মমতা জছৱানী, নিখিলেশ জছৱানী, কানহাইয়া জছৱানী আৰু পুৰুষোত্তম ওৰফে কাজু মহোবিয়া গুৰুতৰভাৱে আহত হয়। বাছখনত যাত্ৰা কৰা প্ৰায় ২৬ জোৱানো আহত হয়।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চাৰিচকীয়া বাহনখনত অহা তিনিজন যাত্ৰী ক্ৰমে নিখিলেশ জছৱানী, কানহাইয়া জছৱানী আৰু পুৰুষোত্তম ওৰফে কাজু মহোবিয়াৰ মৃত্যু ঘটে।

পথৰ দুৰৱস্থাৰ বাবেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনখনত খুন্দা মাৰে বুলি অনুমান কৰা হৈছে।

Comments (0)
Add Comment