দুগুণ বৃদ্ধি পাব মুম্বাই ইণ্ডিয়ানছৰ শক্তি; দলত যোগ এইগৰাকী বিস্ফোৰক বেটছমেনৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত সংগ্ৰাম কৰি থকা মুম্বাই ইণ্ডিয়ানছ দল তথা অনুৰাগীৰ বাবে ভাল খবৰ। দলটোৰ অনুশীলনত দেখা পোৱা গ’ল আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ শীৰ্ষ বেটছমেন সূৰ্য্যকুমাৰ যাদৱক।

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা সূৰ্যকুমাৰ যাদৱে নেট চেচনত অনুশীলন কৰি কোনো সমস্যা নোহোৱাকৈ বেটিং কৰা পৰিলক্ষিত হয়।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলবিলগীয়া পৰৱৰ্তী মেচখনত নীলা জাৰ্চিত যাদৱক খেলপথাৰত দেখা যাব বুলি অনুমান কৰা হৈছে।

জানুৱাৰী মাহৰ পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে এই ৩৩ বছৰীয়া আগ্ৰাসী বেটছমেন যাদৱ। সূৰ্যকুমাৰ যাদৱে স্প’ৰ্টছ হাৰ্নিয়াৰ পৰা সুস্থ হ’বলৈ অস্ত্ৰোপচাৰৰ আশ্ৰয় ল’বলগীয়াও হৈছিল।

কিছুদিন পূৰ্বে তেওঁক মুম্বাই ইণ্ডিয়ানছ দলত যোগদান কৰিবলৈ নেশ্যনেল ক্ৰিকেট একাডেমীয়ে অনুমতি প্ৰদান কৰিছিল।

উল্লেখ্য যে, ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক নেতৃত্বৰ দায়িত্ব দিয়া পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ দলটোৱে প্ৰথম তিনিখন মেচত পৰাস্ত হৈ এই ছিজনত অতি হতাশাজনক আৰম্ভণি কৰিছে।

Comments (0)
Add Comment