৫০ বছৰৰ পিছত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৮ এপ্ৰিল অৰ্থাত্ কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। কাইলৈ বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ।
ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ৯ বাজি ১২ মিনিটত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু নিশা ২ বাজি ২২ মিনিটত সূৰ্যগ্ৰহণৰ অন্ত পৰিব। যাৰ বাবে এই সূৰ্যগ্ৰহণ ভাৰতত পৰিলক্ষিত নহয়।
আমেৰিকা, মেক্সিকোসহ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা যাব পাৰে। কোষ্টাৰিকা, কিউবা, ডোমিনিকা, জামাইকা, আয়াৰলেণ্ড, ইংলেণ্ডতো এই সূৰ্যগ্ৰহণ পৰিলক্ষিত হব। এই সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰৰ পৰা আৰম্ভ হ’ব আৰু তাৰ পিচত মেক্সিকোত সমাপ্ত হ’ব।
সূৰ্যগ্ৰহণৰ দিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ হ’ব। চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰিব।
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জ্যোতিষীসকলেও ইয়াক গুৰুত্বপূৰ্ণ মহাজাগতিক পৰিঘটনা হিচাপে বিবেচনা কৰিছে। এই সময়ছোৱাত, ধূমকেতুবোৰৰ লগতে বহুতো গ্ৰহও দেখা যাব পাৰে।
আনহাতে, এই সূৰ্যগ্ৰহণে বায়ুমণ্ডলক কেনেদৰে প্ৰভাৱিত কৰিব বা আয়ন’স্ফিয়াৰৰ ওপৰত কি প্ৰভাৱ পৰিব, স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ আছে, এই পৰিঘটনাটোৱে পৃথিৱীত কি প্ৰভাৱ পেলাব, এই সকলোবোৰ বস্তু নাছাৰ দলটোৱে লক্ষ্য ৰাখিব।
নাছাই কাইলৈ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত তিনিটা চাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব । যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে নোহোৱা হয় তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ’ব।
মহাকাশ সংস্থাৰ মতে, চাউণ্ডিং ৰকেটবোৰ তিনিটা পৃথক সময়ত উৎক্ষেপণ কৰা হ’ব- সূৰ্যগ্ৰহণৰ ৪৫ মিনিট আগতে, সূৰ্যগ্ৰহণৰ সময়ত আৰু ইয়াৰ ৪৫ মিনিট পিছত। উল্লেখ্য যে পূৰ্বে ১৯৭৩ চনত এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল।