পশ্চিম বংগত হাতীৰ আক্ৰমণত মৃত্যুক সাৱটিলে অসমৰ এজন মাউতে। পশ্চিমবংগৰ নদিয়াৰ মায়াপুৰৰ ইস্কনত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।বিষ্ণুপ্ৰিয়া নামৰ বন্দী হাতী এজনীৰ আক্ৰমণৰ ফলত অসমৰ এজন মাউত নিহত হোৱাৰ লগতে আহত হয় আন এজন ব্যক্তি।
ঘটনা অনুসৰি, অসমৰ কামৰূপ জিলাৰ মাউত সমূদ্ৰ ৰাভাক হাতীজনীয়ে জোৰেৰে দেৱালত ঠেলা মাৰি দিয়ে। আক্ৰমণৰ সময়ত অজয় ৰাভা নামৰ আন এজন মাউতে তেওঁক বচাবলৈ চেষ্টা কৰোতে তেওঁৰো ভৰি এখন ভাগি যায়।
বৰ্তমান বিষ্ণুপ্ৰিয়াক তেওঁৰ আক্ৰমণাত্মক আচৰণৰ কাৰণ বিচাৰি মূল্যায়ন কৰি থকা হৈছে।সম্প্ৰতি আন এজন মাউতক বিষ্ণুপ্ৰিয়াৰ যত্ন লবলৈ মাতি নিয়া হৈছে।