নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতৰ এক ইঞ্চিও মাটি দখল কৰিব নোৱাৰে বুলি মঙলবাৰে দৃঢ়তাৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে লখিমপুৰত আয়োজন কৰা এখন জনসভাত ভাষণ দি শ্বাহে কয়, ‘চীনৰ আগ্ৰাসনৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক কেনেদৰে ‘বাই-বাই’ কৈছিল অসমৰ ৰাইজে কেতিয়াও নাপাহৰে। প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ অধীনত চীনে আমাৰ মাটিৰ এক ইঞ্চিও দখল কৰিব নোৱাৰিলে.. অসম আৰু অৰুণাচল প্ৰদেশে ১৯৬২ চন কেতিয়াও পাহৰিব নোৱাৰে’।
শ্বাহে লগতে কয়, ‘কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বাংলাদেশৰ সৈতে দেশৰ সীমান্ত সুৰক্ষিত কৰি অনুপ্ৰৱেশ বন্ধ কৰি দিলে’।
চলিত বৰ্ষৰ আৰম্ভণিতে শ্বাহে কেন্দ্ৰৰ স্থিতি দৃঢ়তাৰে কৈছিল যে পূব লাডাখত চীনৰ সৈতে কেইবামাহো ধৰি চলি থকা সামৰিক তৰ্কযুদ্ধত ভাৰতে ‘কোনো ভূখণ্ডত পৰাস্ত হোৱা নাই’।
জনসভাখনত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অব্যাহত ৰাখি মন্ত্ৰীগৰাকীয়ে কয়, ‘কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে আমি অসমৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব। মই তেওঁক সোঁৱৰাই দিব বিচাৰো যে তেওঁৰ আইতাই অসমক কি কৰিলে। হাজাৰ-হাজাৰ যুৱকক বিপথে পৰিচালিত কৰি হত্যা কৰা হ’ল’।
অসমত নৰেন্দ্ৰ মোদী চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘মোদীজীৰ দহটা বছৰ অসমত ৰূপান্তৰৰ এক দশক। বিগত ১০ বছৰত আমি বিভিন্ন শান্তি চুক্তি আৰু উন্নয়নমূলক প্ৰকল্প সমাপ্ত কৰিছো। মই নিশ্চিত যে… আগন্তুক বছৰবোৰত অসম এখন উন্নত ৰাজ্যত পৰিণত হ’ব’৷
ইফালে ৰাম মন্দিৰ বিষয় সন্দৰ্ভত শ্বাহে কয়, ‘বছৰ বছৰ ধৰি কংগ্ৰেছ দলে ৰাম মন্দিৰ বিষয়টো ওলমি থকা অৱস্থাত এৰি থৈ আহিছিল। প্ৰধানমন্ত্ৰী মোদীৰ সময়তে ৰায় আহিছিল, ‘ভূমি পূজন’ হৈছিল আৰু অৱশেষত ২২ জানুৱাৰীত ‘প্ৰাণ প্ৰতিষ্ঠা’ হ’ল’।
উল্লেখ্য যে, লখিমুপৰৰ লগতে উজনি অসমৰ আন আন সমষ্টি কেইটাত অহা ১৯ এপ্ৰিল অৰ্থাত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। অসমৰ বাকী সমষ্টি সমূহত ২৬ এপ্ৰিল আৰু ৭ মে’ত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভোটদান হ’ব। অহা ৪ জুনত হ’ব ভোটগণনা।