আপত আন এক আঘাত; কেজৰিৱাল চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰীয়ে কৰিলে পদত্যাগ

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাজকুমাৰ আনন্দই মন্ত্ৰী পদ আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে।

ৰাজকুমাৰ আনন্দে অৰবিন্দ কেজৰিৱাল চৰকাৰত সমাজ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত আছিল।

পদত্যাক কৰি ৰাজকুমাৰ আনন্দে কয় যে আম আদমী পাৰ্টিত দলিত বিধায়ক বা কাউন্সিলাৰৰ প্ৰতি কোনো সন্মান নাই। দলিতক গুৰুত্বপূৰ্ণ পদত স্থান দিয়া নহয়। মই বাবা চাহেব আম্বেদকাৰৰ নীতি অনুসৰণ কৰা ব্যক্তি। যদি মই দলিতৰ বাবে কাম কৰিব নোৱাৰো তেন্তে দলত থাকি লাভ নাই।

‘মই দিল্লী চৰকাৰত মন্ত্ৰী, মোৰ হাতত সাতটা বিভাগ আছে। আজি মই বৰ দুখ পাইছো। মই ৰাজনীতিত আহিছিলো যেতিয়া অৰবিন্দ কেজৰিৱালে কৈছিল যে ৰাজনীতি সলনি হ’লে দেশ সলনি হ’ব। কিন্তু আজি দুখেৰে ক’ব লগা হৈছে যে ৰাজনীতি সলনি হোৱা নাই, কিন্তু ৰাজনীতিবিদ সলনি হৈছে৷ দুৰ্নীতিৰ বিৰোধী আন্দোলনৰ পৰাই আম আদমী পাৰ্টিৰ জন্ম হৈছিল যদিও আজি এই দলটো নিজেই দুৰ্নীতিৰ বোকাত আবদ্ধ হৈ পৰিছে। এই চৰকাৰত মন্ত্ৰী হিচাপে কাম কৰাটো মোৰ বাবে অস্বস্তিকৰ হৈ পৰিছে’, এইদৰে কয় ৰাজ কুমাৰ আনন্দে।

উল্লখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আপ দলটোৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা কাৰ্যই নিশ্চিতভাৱে ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব।

Comments (0)
Add Comment