মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা মেকুৰীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৫ জনকৈ লোকে। ৰাজ্যখনৰ আহমেদ নগৰ জিলাৰ পৰা এই ঘটনাৰ খবৰ আহিছে।
জানিব পৰা মতে, জিলাখনৰ নেভাছা নামৰ অঞ্চলত থকা এটা বায়’গেছৰ গাঁতত পৰি গৈছিল এটা মেকুৰী। মেকুৰীটোক বচাবলৈ এজন লোক গাঁতৰ ভিতৰলৈ গৈছিল। ব্যক্তিজন উভতি নহা দেখি এজন এজনকৈ গাঁতটোৰ ভিতৰলৈ ৫ জনকৈ লোক ভিতৰলৈ সোমাই যায়।
গাঁতটোত আৱদ্ধ হৈ পৰাৰ ফলত পাঁচজনকৈ লোক নিহত হোৱাৰ বিপৰীতে এজন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়।
গৰুৰ গোবৰেৰে ভৰা বায়’গেছৰ গাঁতত আৱদ্ধ হৈ সকলোৰে মৃত্যু হোৱা বুলি কোৱা হৈছে। ঘটনাস্থলত উপস্থিত হৈ আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰিছে।
তথ্য অনুসৰি মঙলবাৰে এই ঘটনা সংঘটিত হোৱাৰ পিছত সন্ধিয়ালৈকে উদ্ধাৰ অভিযানৰ প্ৰচেষ্টা চলোৱা হৈছিল। এজন বিষয়াই জনোৱা মতে, নেভাছা তহচিলৰ ৱাকদি গাঁৱত সন্ধিয়া সংঘটিত হয় এই ঘটনা।