৫০ ফুট দ’ গাতত বাগৰিল যাত্ৰীবাহী বাছ। ১২ জন যাত্ৰীৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট দ গাঁতত বাগৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত ১২ জন যাত্ৰীৰ মৃত্যু হৈছে। ছত্তিশগড়ৰ দুৰ্গত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত ১৫জনতকৈ অধিক লোক আহত। সংকটজনক অৱস্থাত ১০ জন আহতক AIIMSত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনত কেডিয়া ডিষ্টলেৰীৰ ৪০ গৰাকী কৰ্মচাৰী আছিল। মঙলবাৰে নিশা ডিউটী কৰি ঘৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত হয় কৰ্মচাৰীভৰ্তি বাছখন।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সায়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

Comments (0)
Add Comment