হৃদয় বিদাৰক! আঙুঠি পিন্ধোৱা পৰ্বৰ দিনাই মৃত্যুক সাৱটিলে এইগৰাকী অভিনেতাই

বুধবাৰে গভীৰ নিশা নিজ ছবিৰ শ্বুটিং কৰি উভতি অহাৰ সময়তে ৰায়পুৰত পিকআপ ভানৰ সৈতে হোৱা সংঘৰ্ষত অভিনেতা সুৰজ মেহেৰে কৰুণ মৃত্যুক সাৱটি লয়।

তথ্য অনুসৰি অভিনেতাগৰাকীৰ গাড়ীখনে এখন পিকআপ ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ওড়িশাত হ’বলগীয়া সুৰজ মেহেৰৰ আঙুঠি পিন্ধোৱা পৰ্বৰ দিনটোত সংঘটিত হয় এই দুৰ্ঘটনা।

পিপেডুলাৰ সমীপৰ ছাৰাচিৱা অঞ্চলৰ পৰা আহি থকা পিকআপ ট্ৰাকখনে তেওঁৰ বাহনখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। মৃত্যুৰ সময়ত সুৰজৰ বয়স আছিল ৪০ বছৰ।

প্ৰাৰম্ভিক খবৰ অনুসৰি নাৰদ মেহেৰ নামেৰে পৰিচিত সুৰজ মেহেৰে নিজৰ ছবি ‘আখৰী ফৈছলা’ৰ শ্বুটিঙৰ পৰা উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

ছত্তীশগড়ত খলনায়ক হিচাপে পৰিচিত আছিল সুৰজ মেহেৰ। ছত্তীশগড়ৰ কেইবাখনো ছবিত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।

বিলাসপুৰৰ ছাৰাচিৱা অঞ্চলৰ পৰা অহা এখন পিকআপ ট্ৰাকৰ সৈতে তেওঁৰ বাহনখন সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে ঘটনাস্থলতে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় সুৰজ মেহেৰে।

জানিব পৰা অনুসৰি সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

Comments (0)
Add Comment