পাকিস্তানত সংঘটিত হৈছে এক নৃশংস ঘটনা। কাঠচিতীয়া হৃদয়ৰ এজন লোকে নিজৰ পত্নী আৰু ৭টা সন্তানক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ খবৰ আহিছে।
আৰক্ষী বিষয়াৰ মতে, পঞ্জাৱ প্ৰদেশৰ এজন দৰিদ্ৰ লোকে নিজৰ পত্নী আৰু সাতটা নাবালক সন্তানক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। ধনৰ অভাৱত পৰিয়াল পোহপাল দিব নোৱাৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।
অতি নৃশংসভাৱে এই কাম সংঘটিত কৰাৰ পিছত অভিযুক্ত ছাজ্জাদ খোখৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
অভিযুক্তই আৰক্ষীক জনাইছে যে তেওঁ পৰিয়াল পোহপাল দিব পৰা নাছিল, সেইবাবেই তেওঁ পত্নীসহ নিজৰ সাতটা সন্তানক কুঠাৰেৰে হত্যা কৰিছিল।
এই ঘটনা সংঘটিত হৈছে লাহোৰৰ পৰা ৩৫০ কিলোমিটাৰ নিলগৰ মুজাফৰগড় জিলাৰ আলিপুৰত, য’ত অভিযুক্ত খোখৰে তেওঁৰ ৪২ বছৰীয়া পত্নী কৌছাৰ আৰু আঠ মাহৰ পৰা দহ বছৰৰ ভিতৰৰ সাতটা সন্তান (চাৰি কন্যা আৰু তিনি পুত্ৰ)ক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, লোকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইফালে পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছে।