ইৰাণ আৰু ইজৰাইল (ইৰাণ-ইজৰাইল সংঘাত)ৰ বাবে ভাৰতে ভ্ৰমণ সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ভাৰতীয়সকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে এই দুখন দেশ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি ইজৰাইল বা ইৰাণত থকা ভাৰতীয়সকলক দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি তেওঁলোকক নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰি নিজৰ কাম-কাজ নূন্যতম সীমাবদ্ধ কৰিবলৈও অনুৰোধ জনোৱা হৈছে।
উল্লেখ্য যে, ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতে এই দুখন দেশত বাস কৰা বা তালৈ যোৱাৰ কথা চিন্তা কৰা নিজৰ নাগৰিকসকলৰ বাবে এটা পৰামৰ্শ জাৰি কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এই পৰামৰ্শৰ পৰা এই কথা নিশ্চিত যে ইৰাণ আৰু ইজৰাইলৰ সংঘাত এতিয়া শিখৰত।