ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু, এজন আহত

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। তীব্ৰ বেগত অহা এখন অচিনাক্ত বাহনে পিছফালৰ পৰা এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়। আনহাতে এগৰাকী ছোৱালী গুৰুতৰভাৱে আহত হয়।

শুকুৰবাৰে পুৱতি নিশা গ্ৰেটাৰ নয়দাৰ বিটা ২ থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, কুলেছাৰাৰ বাসিন্দা সুৰেন্দ্ৰই নিজৰ ভগ্নীৰ সৈতে মটৰ চাইকেলেৰে কাছনাৰ পৰা কুলেছাৰালৈ গৈ আছিল। মটৰ চাইকেলখনত আছিল মুঠ চাৰিজন যাত্ৰী। নিশা প্ৰায় ২ বজাত পৰি চক পোৱাৰ লগে লগে স্পীড ব্ৰেকাৰত তেওঁলোকৰ বাইকখনে কিছু নিয়ন্ত্ৰণ হেৰুৱাই। সেই সময়তে পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন অচিনাকি বাহনে বাইকখনক খুন্দিয়াই থৈ যায়।

দুৰ্ঘটনাত আহত হয় সুৰেন্দ্ৰ, শেইলী, অংশু আৰু ভগ্নীৰ বান্ধবী। সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত চিকিৎসকে তিনিজনক মৃত বুলি ঘোষণা কৰে।

ইফালে এগৰাকী ছোৱালী এতিয়াও চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment