অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বহু লোকেৰে ভৰা এটা শ্বপিং চেণ্টাৰত এজন লোকে কেইবাজনো লোকক ছুৰীৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। ছিডনীৰ ৱেষ্টফিল্ড বণ্ডি জংচনত সংঘটিত হোৱা এই আক্ৰমণত ৫ জন ভুক্তভোগীৰ মৃত্যু হয়।
আক্ৰমণকাৰীয়ে ৯ মহীয়া কেঁচুৱাকে ধৰি কেইবাজনো লোকক ছুৰীৰে আঘাত কৰে। এটা শিশুসহ সংকটজনক অৱস্থাত ৮ জন লোকক মহানগৰীৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
জানিব পৰা মতে, শনিবাৰে দুপৰীয়ে শ্বপিং চেণ্টাৰটোত এজন লোকে প্ৰৱেশ কৰি এফালৰ পৰা কেইবাজনো লোকক ছুৰীৰে আক্ৰমণ কৰে। কেইবাটাোও মহলাত এই আক্ৰমণ চলাই লোকজনে।
এই চাঞ্চল্যকৰ ঘটনাটোৰ পিছতেই ঘটনাস্থলত এম্বুলেঞ্চৰ সৈতে আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰে। অৱশ্যে পিছত আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱাই আক্ৰমণকাৰীজন।
আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তৰ অন্তত জনাই যে এই ঘটনাটো এজন লোকে সংঘটিত কৰিছে। ঘটনা সংঘটিত কৰাৰ আঁৰৰ কাৰণ আৰু লোকজন কোনোবা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নেকি সেয়া এই পৰ্যন্ত জানিব পৰা নাই।