আজি সন্ধিয়া অসমত উপস্থিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া হৈছে প্ৰশাসন ।
ইতিমধ্য বিশেষ পথ নির্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। কেইবাটাও পথৰে ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা।
এই সম্পৰ্কে তলত সৱিশেষ উল্লেখ কৰা হ’ল-
- বিয়লি ৩-১০ বজালৈ সকলো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।
- নিষিদ্ধ কৰা পথকেইটা হৈছে ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড।
- জি এন বি ৰোড, জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।
- লেহেমীয়া বাহন চলাচলো নিষিদ্ধ কৰা হৈছে উক্ত পথকেইটাৰে।
- বিমান বন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰক্ষেত্ৰত বিশেষ নিয়ন্ত্ৰণ।
- সকলো ASTC, বে-চৰকাৰী বাছসমূহ নিয়ন্ত্রণ কৰা হ’ব।
- এবিচি পইণ্টৰ পৰা অসম বিধানসভা ৰটাৰীলৈকে বিশেষ নিৰ্দেশনা।
- বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ট্রেকত চলিব সকলো বাহন।
- জৰুৰীকালীন যান-বাহনৰ চলাচলত কোনোধৰণৰ বাধা নাথাকিব।