দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভৰ কাহিনীয়ে লৈছে নতুন মোৰ।
কেজৰিৱালৰ ডায়েট বিষয়টো সন্দৰ্ভত আজি ৰাউজ এভিনিউ আদালতত অনুষ্ঠিত হৈছিল শুনানি। আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি কয়।
এই সন্দৰ্ভত অভিষেক মনু সিংভীয়ে কয় যে ইডিৰ অভিযোগ যে কেজৰিৱালে জেইলত এনে খাদ্য বস্তু গ্ৰহণ কৰি আছে, যাৰ ফলত তেওঁৰ ছুগাৰ লেভেল বৃদ্ধি পায়, কিন্তু সেয়া নহয়।
আদালতৰ সন্মুখত কেজৰিৱালৰ অধিবক্তা মনু সিংভীয়ে কয় যে অৰবিন্দ কেজৰিৱালৰ ঘৰৰ পৰা ৪৮ বাৰ পঠিওৱা আহাৰৰ ভিতৰত আম মাত্ৰ ৩ বাৰহে খাবলৈ দিয়া হৈছে।
ইফালে আলু-পুৰী খোৱা সন্দৰ্ভত সিংভীয়ে কয় যে তেওঁ নৱৰাত্ৰি প্ৰসাদৰ অংশ হিচাপে আলু-পুৰী মাত্ৰ এবাৰহে খাইছে।
বৰ্তমান এই গোচৰত আদালতে দুয়োপক্ষকে নিজৰ নিজৰ খাদ্য তালিকা দাখিল কৰিবলৈ কৈছে আৰু আদালতে এই সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছে। ডায়েবেটিছ ৰোগীক আম দিব পাৰি নে নাই আৰু কিমান পৰিমাণ উপযুক্ত সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জনাওক।
লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে জেইলৰ ভিতৰত বন্দী হৈ থকা কেজৰিৱালে আম খোৱাক লৈ এতিয়া উত্তাল হৈ আছে দেশৰ ৰাজনীতি।