দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী

দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী হ’ব ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী। তেওঁ বৰ্তমানৰ নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হ’ব।

অহা ৩০ এপ্ৰিলত হৰি কুমাৰৰ কাৰ্যকাল সামৰণি পৰিব। ইয়াৰ পিছতে ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে ৩০ এপ্ৰিলৰ বিয়লিৰ পৰা দেশৰ নতুন নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ভাৰত চৰকাৰে তেওঁক নতুন নৌসেনাৰ মুৰব্বী হিচাপে নিযুক্তি দিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাছনি সমিতিয়ে নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱা সৰ্বোচ্চ সংস্থা কেবিনেটৰ নিযুক্তি সমিতিলৈ পাঁচজন জ্যেষ্ঠ নৌসেনাৰ বিষয়াৰ নাম প্ৰেৰণ কৰিছিল।
জ্যেষ্ঠতাৰ ভিত্তিত বৰ্তমানৰ উপ-মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীক দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে ভাইচ এডমিৰেল ত্ৰিপাঠীয়ে ১৯৮৫ চনৰ জুলাই মাহত নৌসেনাত যোগদান কৰিছিল। যোগাযোগ আৰু ইলেক্ট্ৰ’নিক যুদ্ধৰ বিশেষজ্ঞতা থকাৰ লগতে ফ্ৰণ্টলাইন যুদ্ধজাহাজত চিগনেল কমিউনিকেচন অফিচাৰ আৰু ইলেক্ট্ৰ’নিক ৱাৰফেয়াৰ অফিচাৰ হিচাপে ভূমিকা পালন কৰি আহিছে।

ইয়াৰ উপৰি তেওঁ ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ বিনাশ, আই এন এছ কিৰ্চ আৰু আই এন এছ ত্ৰিশুলৰ কমাণ্ড কৰি তেওঁৰ নেতৃত্বত কাৰ্যকৰী সামৰ্থ বৃদ্ধি কৰিছে।

Comments (0)
Add Comment