গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান চলি থকাৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।
মনোনয়ন দাখিলৰ সময়ত গৃহমন্ত্ৰী শ্বাহক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ লগতে আন কেইবাগৰাকীও বিধায়কে।
গৃহমন্ত্ৰী শ্বাহে মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত কয় যে আজি মই গান্ধীনগৰ আসনৰ পৰা মনোনয়ন দাখিল কৰিছো। মোৰ বাবে গৌৰৱৰ বিষয় যে যিখন আসন লাল কৃষ্ণ আদৱানী, অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাই প্ৰতিনিধিত্ব কৰিছে সেই আসনৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছো। ৩০ বছৰ ধৰি গান্ধীনগৰৰ পৰা বিধায়ক আৰু সাংসদ হৈ জনসাধাৰণৰ বাবে বহু কাম কৰিলোঁ। ইয়াৰ মানুহবোৰে মোক বহুত মৰম দিয়ে। এগৰাকী সাধাৰণ বুথ কৰ্মীৰ পৰা সংসদ পালো।
‘৫ বছৰত গান্ধীনগৰ অঞ্চলত ২২ হাজাৰ কোটিতকৈ অধিক টকাৰ উন্নয়নমূলক কাম হৈছে। মই অতি সন্তুষ্ট যে যেতিয়াই মই অঞ্চলটোৰ ৰাইজৰ পৰা দলৰ বাবে আৰু নিজৰ বাবে ভোট বিচাৰি আহিছো তেতিয়াই তেওঁলোকে মোক সম্পূৰ্ণ হৃদয়েৰে আশীৰ্বাদ দিছে আৰু সদায় মোক অতি শক্তিশালী সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰি তুলিছে’, এইদৰে কয় শ্বাহে।
উল্লেখ্য যে, গুজৰাটৰ ২৬খন আসনৰ আটাইকেইখন আসনৰ বাবে ভোটদান একেদিনাই হ’ব। গুজৰাটৰ আটাইকেইটা সমষ্টিতে ৭ মে’ অৰ্থাত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment