ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত অৰ্ধসামৰিক জোৱানৰ মৃতদেহ উদ্ধাৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে পশ্চিম বংগৰ এটা কেন্দ্ৰৰ পৰা আহিছে বেয়া খবৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত পিছলি পৰি এজন অৰ্ধসামৰিক জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ভোটদানৰ পূৰ্বে কোচবিহাৰৰ মাথাভংগাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এই ঘটনা।
চি আৰ পি এফৰ জোৱানজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
চিকিৎসালয়ৰ সূত্ৰই প্ৰাৰম্ভিক তথ্য প্ৰকাশ কৰা অনুসৰি, শৌচাগাৰত পিছলি পৰাৰ ফলত চি আৰ পি এফ জোৱানজনে মূৰত আঘাত পাইছিল। আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
উল্লেখ্য যে, দেশৰ অন্য প্ৰান্তৰ লগতে তীব্ৰ নিৰাপত্তাৰ মাজতে আজি পুৱা কোচবিহাৰতো আৰম্ভ হয় ভোটগ্ৰহণ। এই সমষ্টিটোত বৰ্তমানৰ সাংসদ নিশিথ প্ৰমাণিকক বিজেপিয়ে টিকট দিয়াৰ বিপৰীতে তৃণমূলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জগদীশ বসুনিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Comments (0)
Add Comment