তিনিখন বিশেষ আইনৰ বাবে মোদী চৰকাৰক ভূয়সী প্ৰশংসা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোণাম দাখিল কৰি থকা ডি ৱাই চন্দ্ৰচুড়ে এইবাৰ প্ৰশংসা কৰিছে বিজেপি চৰকাৰক। বিজেপি চৰকাৰে সংসদত উত্থাপন কৰা তিনিখন বিশেষ আইনৰ বাবে বিজেপিক প্ৰশংসা কৰিছে মুখ্য ন্যায়াধী চন্দ্ৰচুড়ে।

নতুন অপৰাধ ন্যায় আইন প্ৰণয়নক সমাজৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি চন্দ্ৰচুড়ে শনিবাৰে কয় যে ভাৰত নিজৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ বাবে সাজু।

‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’ শীৰ্ষক এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে নতুন আইনসমূহ সফল হ’ব যদিহে আমি নাগৰিক হিচাপে ইয়াক আকোৱালি লওঁ।

ন্যায়াধীশ চন্দ্ৰচুড়ে লগতে কয় যে নতুনকৈ প্ৰণয়ন কৰা আইনে ভাৰতৰ আইনী কাঠামোক এক নতুন পোহৰ দেখুৱাইছে।

সংসদে এই আইনসমূহ প্ৰণয়ন কৰাটোৱেই ভাৰতে পৰিৱৰ্তন আৰু আগবাঢ়ি যোৱাৰ স্পষ্ট ইংগিত দিয়ে আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় নতুন আইনী যন্ত্ৰৰ প্ৰয়োজন এই আইনে পূৰণ কৰিছে বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে কয়।

উল্লেখ্য যে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিবলৈ অহা ১ জুলাইৰ পৰা ‘ভাৰতীয় ন্যায় সংহিতা’, ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা’ আৰু ‘ভাৰতীয় প্ৰমাণ আইন’ বলবত হ’ব।

এই তিনিওখন আইনে যোৱা বছৰৰ ২১ ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰিছিল আৰু ২৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিছিল।

Comments (0)
Add Comment